Mukti Lyrics
অন্ধ আাকাশ ৰুব্ধ বতাহ
ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক
অন্ধ মনৰ ব্ন্ধ কোঠাত
হিংশ্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ
মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়
দিশে দিশে চলে মাথো মৃত্যুৰ ৰথ
মৃত্যু এতিয়া সহজ, মৃত্যু এতিয়া উৎসৱ
মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ
মৃত্যু এতিয়া সহজ
অন্ধ শাসন ভণ্ড শাসক
অৰ্থ লোভৰ নগ্ন যুঁজত
অন্ধ শাসন ভণ্ড শাসক
অৰ্থ লোভৰ নগ্ন যুঁজত
জীৱন মৰণৰ স্বাপ্নবাহক
মগ্ন বিভোৰ অন্ধ সুখত
ক্লান্ত জীৱন আাজি, ক্লান্ত দিঠক আাজি
ক্লান্ত জীৱন আাজি, ক্লান্ত দিঠক আাজি
দুচকুত ভাহে মাথো শান্তিৰ শুভ্ৰ ৰথ
মুকুতিৰ শুদ্ধ পথ
মুক্ত হোৱাৰ সপোন দেখি
পশু হোৱাত কিমান বাকি
জীৱন দিয়াৰ ক্ষমতানো কাৰ
জীৱন লোৱাৰ ক্ষমতা অপাৰ
জন্ম লোৱাৰ অৰ্থ বিশাল
অৰ্থ নৰল হ’ল মহাকাল
শিশুৰ মুখৰ হাহিঁ কেতিয়াকে ঘুৰি আাহি
শিশুৰ মুখৰ হাহিঁ কেতিয়াকে ঘুৰি আাহি
আাদৰিব নৱ প্ৰভাত্ক, শান্তিৰ সূৰুজক
মুক্তিৰ সুৰুজক
মুক্ত আাকাশ শান্ত বতাহ
কবিতা ৰাতিৰ স্নিগ্ধা জোনাক
শুদ্ধ মনৰ মুক্ত কোঠাত
মানৱ প্ৰেমৰ মূৰ্ত প্ৰকাশ
মুকুতি আাজি আাহি দুচকুত সাৰে ৰয়
বুকুৱে বুকুৱে বই শান্তিৰ ঢল
মুকুতি এতিয়া হাতত
মুকুতি এতিয়া প্ৰাণত, মুকুতি এতিয়া নিজৰ
মুকুতি এতিয়া হাতত
মুকুতি এতিয়া প্ৰাণত, মুকুতি এতিয়া নিজৰ
মুকুতি এতিয়া হাতত, মুকুতি এতিয়া প্ৰাণত..
DBs Collection